লোক আদালত হৈছে এনে এখন মঞ্চ য’ত আদালতত বা প্ৰাক-মামলাৰ পৰ্যায়ত বিচাৰাধীন বিবাদ/কেছসমূহ সৌহাৰ্দ্যপূৰ্ণভাৱে নিষ্পত্তি/আপোচ কৰা হয়। লোক আদালটক আইনী সেৱা কৰ্তৃপক্ষ আইন, ১৯৮৭ৰ অধীনত বিধিগত মৰ্যাদা প্ৰদান কৰা হৈছে। উক্ত আইনৰ অধীনত লোক আদালটে দিয়া ৰায়দানক দেৱানী আদালতৰ ডিক্রী বুলি গণ্য কৰা হয় আৰু ই চূড়ান্ত আৰু সকলো পক্ষৰ বাবে বাধ্যতামূলক আৰু ইয়াৰ ৰায়দানৰ বিৰুদ্ধে কোনো আদালতৰ সন্মুখত কোনো আপীল নহয়।
লোক আদালত উল্লেখ কৰা গোচৰৰ প্ৰকৃতি
- যিকোনো আদালতৰ সমুখত বিচাৰাধীন যিকোনো গোচৰ
- যিকোনো বিবাদ যি এতিয়ালৈকে কোনো আদালতৰ আগত অনা হোৱা নাই কিন্তু ভবিষ্যতে আদালতত দায়ৰ কৰাৰ সম্ভাৱনা আছে। তবে এইটো শর্ত থাকিব যে, কোনো অপৰাধ যি বিদ্যমান আইনৰ অধীনত মাফযোগ্য নহয়, সেই বিষয়ে লোক আদালতত মীমাংসা নহ’ব।
গোচৰ মীমাংসাৰ বাবে লোক আদালতলৈ কেনেকৈ প্ৰেৰণ কৰিব পাৰি
ক) আদালতৰ সন্মুখত বিচাৰাধীন গোচৰ:
- যদি পক্ষসমূহে লোক আদালত বিবাদ নিষ্পত্তি কৰিবলৈ সন্মত হয় বা,
- পক্ষসমূহৰ এজনে আদালতত আবেদন কৰে বা,
- আদালত সন্তুষ্ট যে বিষয়টো লোক আদালত নিষ্পত্তিৰ বাবে উপযুক্ত।
খ) প্ৰি-লিটিগেটিভ পৰ্যায়ত যিকোনো বিবাদ।
ৰাজ্যিক আইনী সেৱা কৰ্তৃপক্ষ বা জিলা আইনী সেৱা কৰ্তৃপক্ষই যিকোনো প্ৰাক-মামলাৰ পৰ্যায়ৰ বিষয়ৰ যিকোনো পক্ষৰ পৰা আবেদন লাভ কৰাৰ পিছত এনে বিষয় সৌহাৰ্দ্যপূৰ্ণ নিষ্পত্তিৰ বাবে লোক আদালাটলৈ প্ৰেৰণ কৰে।